Media Mentions: প্ৰতিষ্ঠানৰ উমৈহতীয়া ৱেব্-ছাইট "ক'ভিড-জ্ঞান"ৰ উন্মোচন

৩ এপ্ৰিল, ২০২০

সংকটকাল

কিছু মাহ আগলৈকেও অকল্পনীয় ক'ভিড মহামাৰীয়ে বৰ্তমান গোটেই বিশ্বতে তীব্ৰ ৰূপ ধাৰন কৰিছে | এতিয়ালৈ কেবা লক্ষও লোকৰ সংক্ৰমণ সুনিশ্চিত হোৱাৰ উপৰিও আৰু বহু লোক এই ৰোগত আক্ৰান্ত হৈছে বুলি সন্দেহ কৰা হৈছে | ক'ভিড-১৯ ৰ প্ৰকোপ কমাবলৈ যিদৰে চিকিৎসক, নাৰ্ছ আৰু আন স্বাস্থ্য কৰ্মী সকল সমুখ সমৰত কৰ্তব্যৰত, একেসময়তে হাজাৰ হাজাৰ বিজ্ঞানী আৰু অভিযন্তা এই ৰোগৰ বিষয়ে বিশদ অধ্যয়নত ব্যস্ত | মূলতে ই কেনেকৈ বিয়পে, ইয়াৰ লক্ষণ কেনেকৈ ধৰা পেলাব পাৰি, এই ৰোগ প্ৰতিৰোধত উন্নত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ,  সামাজিক দূৰত্বকৰণৰ উপকাৰিতা আৰু মূল্যায়ন ইত্যাদিৰ বিষয়ে বৰ্তমান গৱেষণা চলি আছে |

ক'ভিড জ্ঞান কি?

সমগ্ৰ বিশ্বত এতিয়ালৈ এই মহামাৰী সম্পৰ্কে অজস্ৰ বাতৰি আৰু তথ্য প্ৰচাৰ  হৈছে | ইয়াৰ মাজৰ পৰা সত্য আৰু নিৰ্ভৰযোগ্য তথ্য বাচি উলিওৱাটো এটা ডাঙৰ প্ৰত্যাহ্বান | এনে সত্য আৰু নিৰ্ভৰযোগ্য তথ্য বাচি উলিয়াই জনসাধাৰণৰ আগত দাঙি ধৰিবলৈকে “ক’ভিড-জ্ঞান" নামৰ এটা বহু-প্ৰতিষ্ঠানিক আৰু বহুভাষিক পদক্ষেপ হাতত লোৱা হৈছে | প্ৰধানকৈ টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টাল ৰিছাৰ্ছ ( টি. আই. এফ্. আৰ.),  ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েঞ্চ ( আই. আই. এছ. ছি )  আৰু টাটা মেমোৰিয়েল ছেণ্টাৰ ( টি. এম. ছি) ৰ মিলিত প্ৰচেষ্টাত এই উদ্যোগ আৰম্ভ কৰা হৈছে | ইয়াৰ লগত বিজ্ঞান প্ৰচাৰ, ইণ্ডিয়া বায়' ছায়েঞ্চ আৰু বেংগলোৰ লাইফ ছায়েঞ্চ ক্লাষ্টাৰৰ অধীন ইন্-ষ্টেম, ছি-কেম্প আৰু এন্. ছি. বি. এছ্. সংগঠন কেইটাও জৰিত হৈ আছে | ক'ভিড জ্ঞান ৱেব্-ছাইটটো (https://covid-gyan.in) এই যৌথ প্ৰচেষ্টাৰে ফলশ্ৰুতি |

এই ৱেব্-ছাইটটোত এনে বিভিন্ন উৰা বাতৰিৰ সত্যাসত্য সম্বলিত লৈখিক তথ্য পাব

"ক'ভিড-জ্ঞান" সম্পৰ্কে বিশিষ্ট বিজ্ঞানীসকলৰ বক্তব্য:

এই প্ৰয়াসৰ সমন্বয়ক আৰু বাংগালোৰস্থিত ইণ্টাৰনেছলেল ছেণ্টাৰ ফৰ থিয়'ৰিটিকেল ছায়েঞ্চ প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক ৰাজেশ গোপাকুমাৰৰ মতে "ক'ভিড-জ্ঞান" প্ৰয়াসৰ মূল ঊদ্দেশ্য হ'ল "ক'ভিড-১৯ সম্পৰ্কে সত্য, বিজ্ঞানসন্মত তথ্য আৰু জ্ঞানৰ সৃজন, চয়ন আৰু বিতৰণ" | তেওঁ লগতে উল্লেখ কৰে যে এই অনলাইন সমল মূলত সাধাৰণ নাগৰিক আৰু বিজ্ঞান অনুসন্ধিৎসু পাঠক-পাঠিকাৰ বাবে আগবঢ়োৱা হৈছে |
 
নেছনেল ছেণ্টাৰ ফ'ৰ বায়'ল'জিকেল ছায়েঞ্চ (এন্. ছি. বি. এছ্.)ৰ সঞ্চালক অধ্যাপক সত্যজিত মেয়'ৰে জনাইছে যে তেওঁলোকৰ প্ৰতিস্থানত অতি ক্ষুদ্ৰ ভাইৰাছৰ পৰা বৃহৎ পৰিস্থিতিতন্ত্ৰ লৈ জীৱবিজ্ঞানৰ বিভিন্ন দিশত বহুল ভাৱে গৱেষণা চলি আছে | তেওঁৰ ভাষাত, " ক'ভিড-১৯ ৰ এই সংকটৰ সময়ত জীৱবিজ্ঞান সম্পৰ্কে আমাৰ জ্ঞান আৰু গৱেষণা কামত লগাই এই মহামাৰী ৰোধৰ প্ৰচেষ্টা অতি গুৰুত্বপূৰ্ন " | 
 
মুম্বাইস্থিত টি. আই. এফ্. আৰ. প্ৰতিস্থানৰ বিজ্ঞান-জনপ্ৰিয়কৰণ কৰিবলৈ লোৱা প্ৰচেষ্টা "চাই এণ্ড হ'ৱাই?" ৰ উদ্যোক্তা অধ্যাপক অৰ্ণব ভট্টাচাৰ্যই কয় যে ক'ভিড-১৯ সম্পৰ্কে বিয়পা উৰা-বাতৰি সমূহৰ বিজ্ঞানসন্মত বিশ্লেষণ আৰু সত্যাসত্য নিৰূপণ অতি জৰুৰী | এনে উৰা-বাতৰিবোৰে বিজ্ঞানসন্মত তথ্য উপেক্ষা কৰিলে হ'ব পৰা গভীৰ সমস্যাৰ জাননী দিয়ে, ইয়াৰ জ্বলন্ত উদাহৰণ হ'ল জলবায়ু পৰিবৰ্তনৰ দৰে বিশ্বজোৰা প্ৰবল সমস্যা | ক'ভিড জ্ঞান হ'ল এনেবোৰ সমস্যাৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰিবলৈ ভাৰতৰ বিজ্ঞানীসকলৰ এটা সময়োপযোগী সন্মিলিত প্ৰয়াস |

টি. আই. এফ্. আৰ. হায়দৰাবাদ কেন্দ্ৰৰ সঞ্চালক অধ্যাপক ভি. চন্দ্ৰশেখৰে ক'ভিড-১৯ ৰ সংক্ৰমণত বিভিন্ন দেশত হোৱা আপাতকালীন পৰিস্থিতি আঙুলিয়াই দি জনায় যে এনে সময়ত বিজ্ঞানী সকল একগোট হৈ কাম কৰাটো অতি প্ৰয়োজনীয়, আৰু টি. আই. এফ্. আৰ. হায়দৰাবাদৰ বিজ্ঞানীসকলে এই উদ্দেশ্যে দেশৰ আন বহু বিজ্ঞানীৰ সৈতে কাম কৰি আছে |
 
মুম্বাইস্থিত হোমি ভাবা ছেণ্টাৰ ফ'ৰ ছায়েঞ্চ এদুকেছন কেন্দ্ৰৰ সঞ্চালক অধ্যাপক কে. সুব্ৰমনিয়মে উনুকিয়াই দিয়ে যে ক'ভিড জ্ঞান প্ৰয়াসৰ সৈতে জড়িত প্ৰতিস্থান সমূহৰ বিজ্ঞান গৱেষণা, শিক্ষা আৰু প্ৰচাৰৰ বিভিন্ন দিশত বৈচিত্ৰপূৰ্ণ অভিজ্ঞতা আছে | এই মিলিত সামৰ্থ ব্যৱহাৰ কৰি ক'ভিড মহামাৰীৰ বিষয়ে নিৰ্ভৰযোগ্য তথ্য ভাৰতৰ জটিল জনবিস্তাৰলৈ আগবঢ়োৱাটো বৰ জৰুৰী | 
 
টি. আই. এফ্. আৰ. মুম্বাইৰ তাত্বিক পদাৰ্থবিদ্যা বিভাগৰ অধ্যাপক অমোল দীঘেৰ মতে ক'ভিড-১৯ মহামাৰীয়ে আটাইৰে জীৱনত ব্যক্তিগত স্তৰত কেনেবাকৈ নহ'লেও কেনেবাকৈ প্ৰভাৱ পেলাইছে আৰু ইয়াৰ বিৰূদ্ধে চলি থকা যুঁজ খনত সফল হ'বলৈ চিকিৎসা-ক্ষেত্ৰ তথা সমাজ উভয়েই সমানে জড়িত হ'ব লাগিব | ইয়াৰ বাবে সমাজৰ সকলো স্তৰৰ লোকে সহজে বোধগম্য ভাষাত বিশ্বাসযোগ্য তথ্য আৰু জ্ঞান সহজে লাভ কৰিব পাৰিব লাগিব | তেওঁ এইখিনিতে উনুকিয়ায় যে "ক'ভিড-জ্ঞান" প্ৰয়াসে যিমান পাৰি সিমান ভাৰতীয় ভাষা সামৰি ল'ব, যাতে এক বিশাল সংখ্যক পাঠক-পাঠিকাই এই মহামাৰী সম্পৰ্কে জ্ঞান আৰু স্বাস্থ্য সম্পৰ্কে দিহা পৰামৰ্শ সহজে লাভ কৰিব পাৰে |

 

ইণ্ডিয়া বায়'ছায়েঞ্চ সংস্থাৰ কাৰ্যবাহী সঞ্চালক ড০ স্মিতা জৈনে যোগ কৰে যে "ক'ভিড-জ্ঞান" ৱেব্-ছাইটত আটাইবোৰ সহযোগী সংস্থাৰ গৱেষক সকলে যুগুতাই উলিওৱা তথ্য প্ৰকাশ কৰা হ'ব | তেওঁ কয় যে ইণ্ডিয়া বায়'ছায়েঞ্চ-এ নিজৰ ৱেব্-ছাইট যোগে আকৰ্ষণীয় আৰু নৱতম লিখনি তথা প্ৰৱন্ধ পাঠকলৈ আগবঢ়াই আহিছে আৰু এতিয়া ক'ভিড জ্ঞান প্ৰয়াসৰ অংশ হিচাপে ই যিমান পাৰি সিমান সমল প্ৰকাশ কৰিবলৈ বদ্ধ-পৰিকৰ |

ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েঞ্চ বাংগালোৰৰ যোগাযোগ বিভাগৰ অধ্যাপক কৌশল ভাৰ্মাই জনায় যে "ক'ভিড-জ্ঞান" অতি সময়োপযোগী, নিৰ্ভৰযোগ্য প'ৰ্টেল আৰু ই ক'ভিড ১৯ মহামাৰীৰ বিষয়ে যিমান পাৰি সিমান তথ্য আগবঢ়াব |

তদুপৰি, অধ্যাপক ৰাজেশ গোপাকুমাৰে বৰ্তমানৰ সংকট অৱস্থাত বিজ্ঞানীসকলৰ দ্বৈত ভূমিকাৰ বিষয়ে বহলাই কয় যে ৰোগৰ প্ৰতিষেধক আৱিষ্কাৰ আৰু ৰোগৰ বিস্তাৰ কমাবলৈ প্ৰয়োজনীয় নিৰ্দেশিকা প্ৰস্তুতকৰণ এই দুয়োটা লক্ষ্যতে বিজ্ঞানীসকলে আগভাগ লৈছে | সৰ্বসাধাৰণ লোকে সহজে বুজি পাব পৰাকৈ যুক্তিৰ সৰলীকৰণ কৰাত বিজ্ঞানীসকল জড়িত হ'ব লাগিব, আৰু এই ক্ষেত্ৰত "ক'ভিড-জ্ঞান"ৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব | 

"ক'ভিড-জ্ঞান" ৱেব্-ছাইটত ইংৰাজীৰ লগতে বহুকেইটা ভাৰতীয় ভাষাত চমু তথ্যসমৃদ্ধ ভিডিঅ', প'ষ্টাৰ, লৈখিক তথ্য, প্ৰশ্নোত্তৰ, গুজবৰ সত্যাসত্য, আৰু প্ৰবন্ধ ইত্যাদি আপলোড কৰি থকা হৈছে | আৰু অধিক বহুভাষিক সমলৰ বাবে অনুগ্ৰহ কৰি দুই এদিনৰ মূৰে মূৰে আকৌ "ক'ভিড জ্ঞান" ৱেব্-ছাইট চাওক |
 
ৱেব্-ছাইট: https://covid-gyan.in 
১২ টা ভাষাত ভিডিঅ': https://covid-gyan.in/videos  
 
যোগাযোগৰ ই-মেইল: contact@covid-gyan.in