সেৱা আৰু হেল্পলাইন

ক’ভিড-জ্ঞানৰ লক্ষ্য হ’ল জনসাধাৰণৰ মাজত বিজ্ঞানসন্মত তথ্য আৰু সুৰক্ষিত থকাৰ উপায়বোৰ প্ৰচাৰ কৰা। ইয়াৰে এটা অংশ সাধাৰণ কুশল-মংগলৰ বাবে বিশেষভাৱে ৰখা হৈছে। আৰু বহুতো সমল ইয়াত উপলব্ধ, যেনে- নিজৰ উদ্বেগক কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব, একাষীকৰণৰ লগত কেনেকৈ মোকাবিলা কৰিব, এই কঠিন সময়ছোৱাত নিজকে কেনেকৈ ব্যস্ত ৰাখিব, ইত্যাদি বহুতো।
শেহতীয়াকৈ আমি বিভিন্ন প্ৰেক্ষাপটৰ কিছুমান লোকৰ সৈতে কুশল-মংগল সম্পৰ্কীয় এলানি অনলাইন আলোচনাৰ আয়োজন কৰিছোঁ। ইয়াৰ লক্ষ্য হ’ল মানুহৰ নিজৰ কাহিনী, অভিজ্ঞতা আদিৰ আদান-প্ৰদান কৰিবলৈ এখন সমাজ গঢ়ি তোলা, আৰু মানসিক স্বাস্থ্য তথা কুশল-মংগল সম্পৰ্কীয় যোগাত্মক বাৰ্তালাপৰ বাবে মানুহক উৎসাহিত কৰা।
চ’ছিয়েল মিডিয়াত আমাৰ লগত সম্পৰ্ক বজাই ৰাখক। অধিক তথ্যৰ বাবে এই হেশ্বটেগকেইটা বিচাৰক- #covidgyan আৰু #SundownerSession
অনুগ্ৰহ কৰি মন কৰিব যে এইবিলাক আচলতে পেছাদাৰী মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ আৰু থেৰাপিৰ বিকল্প নহয়। আমাৰ উদ্দেশ্য হ’ল এখন সামুদায়িক মঞ্চ প্ৰদান। যদি আপুনি প্ৰয়োজনবোধ কৰে তেন্তে অনুগ্ৰহ কৰি পেছাদাৰী মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লওক।

 

  • “পৰিৱৰ্তন” হৈছে এক পৰামৰ্শ, প্ৰশিক্ষণ আৰু গৱেষণা কেন্দ্ৰ, যাৰ লক্ষ্য হ’ল ব্যক্তিবিশেষৰ মাজত যোগাত্মক পৰিৱৰ্তন অনা। সোমবাৰৰ পৰা শুক্ৰবাৰলৈ পুৱা ১০ বজাৰ পৰা ৰাতি ১০ বজালৈ আপুনি পৰামৰ্শ সেৱা লাভ কৰিব পাৰে। ফোন- 76766 02602, ইমেইল- parivarthanblr@gmail.com, ৱেবচাইট | www.parivarthan.org

  • “স্নেহা ফাউণ্ডেশ্যন ইণ্ডিয়া” হৈছে এক দৈনিক ২৪ ঘণ্টীয়া হেল্পলাইন, যিয়ে হতাশাগ্ৰস্ত আৰু মানসিকভাৱে ভাগি পৰা লোকক আবেগিক সাহাৰ্য প্ৰদান কৰে। ফোন- +914424640050, ৱেবচাইট | https://snehaindia.org/

  • “ভান্দ্ৰেৱালা ফাউণ্ডেশ্যন ফৰ মেণ্টেল হেল্‌থ” হৈছে মানসিক ৰোগীক সহায় কৰা আৰু সজাগতা বঢ়োৱাৰ এক মাধ্যম। পেছাদাৰী বিশেষজ্ঞৰ লগত কথা পাতক- 18602662345 (আংশিকভাৱে ব্যয়ী), ৱেবচাইট | https://www.vandrevalafoundation.com

  • “সহায় হেল্পলাইন” হৈছে স্বেচ্ছাসেৱকৰ দ্বাৰা পৰিচালিত এক হেল্পলাইন যিয়ে আত্মহত্যা প্ৰতিৰোধ আৰু মানসিক অশান্তি নিৰাময়ত সহায় কৰে। যোগাযোগ- 080-25497777 | https://www.facebook.com/Sahai-Helpline-91-80-25497777-247442978655084

  • “লাইফলাইন ফাউণ্ডেশ্যন” হৈছে কলকাতাস্থিত এক স্বেচ্ছাসেৱী গোট, যিয়ে আত্মহত্যা নিৰোধৰ বাবে হতাশাগ্ৰস্তসকলক উপদেশ দিবলৈ বিনামূলীয়া হেল্পলাইন চলায়। যোগাযোগ- +91 33 2474 4704, +91 33 2474 5886, 2474 5255 | https://lifelinefoundation.co.in/

  • “AASRA” হৈছে এটা স্বেচ্ছাসেৱী সংস্থা যিয়ে হতাশাগ্ৰস্ত আৰু আত্মহত্যাপন্থীক পেছাদাৰী সেৱা আগবঢ়ায়। সপ্তাহৰ প্ৰতিদিনে আবেলি ২ বজাৰ পৰা নিশা ৮ বজালৈ যোগাযোগ কৰক- +91 22 2754 6669 | www.aasra.info

  • “সুমৈত্ৰী” হৈছে এক দিল্লীস্থিত স্বেচ্ছাসেৱী সংস্থা যিয়ে হতাশাগ্ৰস্তসকলৰ বাবে এক সংকট নিৰাময় কেন্দ্ৰ চলায়। সোমবাৰৰ পৰা শুক্ৰবাৰলৈ আবেলি ২ বজাৰ পৰা নিশা ৮ বজালৈ, আৰু শনি-দেওবাৰে পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ যোগাযোগ কৰক- 011 2338 9090

  • Now&Me হৈছে এনে এক ব্যৱস্থা য’ত আপুনি বেনামীভাৱে নিজৰ অভিজ্ঞতাসমূহ ব্যক্ত কৰিব পাৰে | https://nowandme.com/

  • Sanjivini Society for Mental Health offers free counselling to those suffering from anxiety, depression & other mental health issues. Call on| 011-24311918 | https://www.facebook.com/SanjiviniSociety/
  • “স্নেহী” হৈছে মনোঃসামাজিক সাহাৰ্য আৰু মানসিক স্বাস্থ্যৰ তত্বাৱধানৰ এক সংস্থা যিয়ে প্ৰধানকৈ শিশু আৰু কিশোৰৰ মানসিক স্বাস্থ্য আৰু অধিকাৰক গুৰুত্ব দিয়ে। যোগাযোগ- 011-26521494

  • “Fortis Stress Helpline” এক দৈনিক ২৪ ঘণ্টীয়া হেল্পলাইন। ফোন- +918376804102

  • “ৰ'শ্বনি ট্ৰাষ্ট” এক স্বেচ্ছাসেৱী সংস্থা যিয়ে মানৱ জীৱনক মূল্য দিয়ে। যোৱা ২০ বছৰ ধৰি ইয়াৰ হেল্পলাইনৰ জৰিয়তে মানসিক ৰোগী আৰু হতাশাগ্ৰস্তসকলে বিনামুলীয়া আৰু গোপন সাহাৰ্য লাভ কৰিব পাৰে। সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ১১ বজাৰ পৰা নিশা ৯ বজালৈ যোগাযোগ কৰক- +91 40 6620 2000, +91 40 6620 2001 | https://roshni-trust.org/

  • “কাশ্মীৰ লাইফলাইন”-য়ে কাশ্মীৰবাসী হতাশাগ্ৰস্ত সকলক সাহাৰ্য প্ৰদান কৰে, আৰু মানসিক থেৰাপি আগবঢ়ায়। দেওবাৰৰ পৰা বৃহস্পতিবাৰলৈ পুৱা ১০ বজাৰ পৰা আবেলি ৫ বজালৈ যোগাযোগ কৰক- 1800 180 7020 | http://www.kashmirlifeline.org/